শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধবদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷ তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল৷ মহাত্মা গান্ধীয়ে শঙ্কৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে৷
জন্ম: বৰদোৱা, নগাঁও, অসম, ভাৰত (১৪৪৯)
মৃত্যু: মধুপুৰ সত্ৰ, ভেলাদংগা, কোচবিহাৰ, ভাৰত (১৫৬৮)
উপাধি/সন্মান: মহাপুৰুষ, জগতগুৰু
প্ৰতিষ্ঠাপক: এক শৰণ নাম ধৰ্ম
দৰ্শন: বৈষ্ণৱ ধৰ্ম
সাহিত্যিক কৰ্ম: কীৰ্তন ঘোষা, বৰগীত, অংকীয়া নাট
উল্লেখযোগ্য শিষ্য(সকল): মাধৱদেৱ
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।
জন্ম: নাৰায়ণপুৰ, লখিমপুৰ, অসম (১৪৮৯ চন)
মৃত্যু: কোচবিহাৰ (১৫৯৬ চন)
অন্য নাম: বঢ়াৰ পো
উল্লেখযোগ্য কৰ্ম: বৰগীত, ভক্তি ৰত্নাৱলী, নামঘোষা
ধৰ্ম: মহাপুৰুষীয়া ধৰ্ম