সংগঠনৰ বিষয়ে

অসমৰ সত্ৰসমূহ, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আস্থাবান লোকসকল, সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তিসকল, শিল্পীসকল, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি অনুৰাগ থকা সামাজিক কৰ্ম্মী, শৈক্ষিক জগৎ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত সমভাৱাপন্ন লোকসকলক লৈ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱ আৰু তেখেতসকলৰ শিষ্য-প্রশিষ্য আতা পুৰুষসকলে সৃষ্টি কৰি যোৱা বিশাল সাংস্কৃতিক অৱদান সমূহ সংৰক্ষণ, সংবৰ্দ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি সদৌ অসম তথা ভাৰতৰ বিভিন্ন ঠাইত বাস কৰি থকা লোকসকলক লৈ ‘অসম সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ, অসম' নামেৰে এটা অৰাজনৈতিক সংগঠন প্ৰতিস্থা কৰা হৈছে। এই অনুষ্ঠানটোৱে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান-প্রতিষ্ঠান, অসমত বিস্তৃত হৈ থকা সকলো সংহতিৰ তথা মতবাদৰ সত্ৰ-নামঘৰক সামৰি সত্ৰীয়া সংস্কৃতিৰ উন্নতিৰ বাবে কাম কৰিবলৈ এক যৌথ মঞ্চ হিচাবে কাম কৰিব। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে দি যোৱা সাহিত্য, সংস্কৃতিৰে অসমীয়া জাতি যোৱা ৫৫০ বছৰ ধৰি এটা সাহিত্য-সংস্কৃতিৰ মেটমৰা ভৰাল লৈ জীয়াই আছে।

আৰু পঢ়ক

আমাৰ গুৰুসকল

আমাৰ কাৰ্য্যকলাপ

এই বছৰ ২০২৩ চনৰ মাৰ্চ মাহৰ ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত এক সত্ৰীয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈ কাম আৰম্ভ কৰিছে। এই অভিৱৰ্তনত পৰিষদৰ ৰাজ্যিক সমিতি গঠন কৰাৰ লগতে ১০ বছৰৰ পৰা ১৬ বছৰ আৰু ১৬ বছৰৰ পৰা ২৫ বছৰৰ শিক্ষাৰ্থী সকলৰ মাজত সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদন, গায়ন বায়নৰ আৰু সত্ৰীয়া ওজাপালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়। লগতে দিনজোৰা কাৰ্য্যসূচীৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব আৰু আটাইকেইদিন গধুলি সাংস্কৃতিক অনুষ্ঠান হ'ব। সমাৰোহখন সুকলমে পৰিচালনা কৰিবৰ বাবে মাননীয় সাংসদ শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱক সভাপতি, পৰমেশ্বৰ দত্তক কাৰ্য্যকৰী সভাপতি, মোহন মালাকাৰ, অঞ্জলী বৰঠাকুৰ, অপুর্ববল্লভ গোস্বামী, ড° সৌমেন ভাৰতীয়ক উপঃসভাপতি, ডিম্বেশ্বৰ দাস আৰু গোপাল মহন্তক সম্পাদক, অমল মহন্ত আৰু ড° খগেন্দ্ৰ নাথ শৰ্ম্মাক সহযোগী সম্পাদক আৰু দ্বিজেন বৰ্মন, বছি দত্ত, অভিক বৰা, প্ৰণৱজ্যোতি দত্তক সহকাৰী সম্পাদক হিচাবে লৈ এখন অভ্যর্থনা সমিতি গঠন কৰা হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যপৃষ্ঠপোষক হিচাপে থাকিবলৈ সন্মতি প্ৰদান কৰিছে। সমাৰোহৰ লগত জড়িত বিভাগসমূহৰ মন্ত্ৰীসকলক পৃষ্ঠপোষক হিচাপে থাকিবৰ বাবে অনুৰোধ কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু কেইজনমানে মৌখিক সন্মতি প্ৰদান কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্রীকেইজনলৈও সহযোগিতাৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা হৈছে। এই অনুষ্ঠানটি সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিবলৈ আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিলো। মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া ‘সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ, ২০২৩' সফলভাৱে ৰূপায়ণ কৰাত আপোনালোকৰ সহযোগিতা একান্ত কাম্য।