অসমৰ সত্ৰসমূহ, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আস্থাবান লোকসকল, সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তিসকল, শিল্পীসকল, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি অনুৰাগ থকা সামাজিক কৰ্ম্মী, শৈক্ষিক জগৎ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত সমভাৱাপন্ন লোকসকলক লৈ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱ আৰু তেখেতসকলৰ শিষ্য-প্রশিষ্য আতা পুৰুষসকলে সৃষ্টি কৰি যোৱা বিশাল সাংস্কৃতিক অৱদান সমূহ সংৰক্ষণ, সংবৰ্দ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি সদৌ অসম তথা ভাৰতৰ বিভিন্ন ঠাইত বাস কৰি থকা লোকসকলক লৈ ‘অসম সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ, অসম' নামেৰে এটা অৰাজনৈতিক সংগঠন প্ৰতিস্থা কৰা হৈছে। এই অনুষ্ঠানটোৱে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান-প্রতিষ্ঠান, অসমত বিস্তৃত হৈ থকা সকলো সংহতিৰ তথা মতবাদৰ সত্ৰ-নামঘৰক সামৰি সত্ৰীয়া সংস্কৃতিৰ উন্নতিৰ বাবে কাম কৰিবলৈ এক যৌথ মঞ্চ হিচাবে কাম কৰিব। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে দি যোৱা সাহিত্য, সংস্কৃতিৰে অসমীয়া জাতি যোৱা ৫৫০ বছৰ ধৰি এটা সাহিত্য-সংস্কৃতিৰ মেটমৰা ভৰাল লৈ জীয়াই আছে।
এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হ'ব অসমৰ সকলো সত্ৰৰ সাংস্কৃতিকশৈলী অধ্যয়ন কৰি সত্ৰীয়া সংস্কৃতিৰ বিজ্ঞানসন্মত ৰূপত প্ৰচাৰ, প্ৰসাৰ আৰু নিজস্বতা অক্ষুন্ন ৰখাৰ বাবে এক নিৰলস প্ৰচেষ্টা চলোৱা। অনুষ্ঠানৰ তৰফৰ পৰা এই উদ্দেশ্যে :
|
|
প্ৰতিবছৰে কোনো বিশেষ স্থানত সন্মিলিতভাবে সমাৰোহ অনুস্থিত কৰি বিভিন্ন সত্ৰীয়াশৈলীৰ ওপৰত ৫ বছৰ বয়সৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ বিভিন্ন দলত প্রতিযোগিতা অনুষ্ঠিত কৰি ন-শিকাৰুচামক উৎসাহিত কৰাৰ লগতে সাধাৰণ মানুহৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ প্ৰচেষ্টা কৰা, উপযুক্ত শিক্ষক তৈয়াৰ কৰা, নামঘৰসমূহত সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰা আদিৰ আচনি গ্ৰহণ কৰা ৷ |
|
|
অসমৰ তথা ভাৰতৰ বিভিন্ন ঠাইত সত্ৰীয়া সংস্কৃতি তথা মুখাশিল্পৰ কৰ্ম্মশালা অনুষ্ঠিত কৰি প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা। |
|
|
অসমৰ সত্ৰসমূহ আৰু নামঘৰসমূহৰ আন্তগাঠনি পৰিদৰ্শন কৰি মজবুত কৰাৰ ব্যৱস্থা কৰা। |
|
|
সাচিপাতৰ পুথিৰ পৰা আৰম্ভ কৰি সকলো সত্ৰীয়া লিখনি তথা পাণ্ডুলিপি সংৰক্ষণ আৰু ছপাৰ ব্যৱস্থা কৰা আৰু সত্ৰীয়া সংস্কৃতিৰ সম্পৰ্কত বিভিন্ন গ্রন্থ, আলোচনী আদি প্ৰকাশৰ জৰিয়তে লুকাই থকা সাহিত্যিক সম্পদসমূহ পোহৰলৈ অনাৰ ব্যবস্থা কৰা । |
|
|
সত্ৰীয়া সংস্কৃতিৰ ওপৰত বাহিৰা বা পাশ্চাত্যৰ আগ্ৰাসন ৰোধ কৰাৰ ব্যৱস্থা কৰা আদি । |